এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও এই দিশতো বেছি অগ্ৰসৰ হ’ব নোৱাৰিলে, কাৰণ শেষ হিচাপত মঞ্চ সংগঠন হয়তো ছবিতকৈ বেছি কঠিন।

 শিল্পী বহুতো আছে। কিন্তু শিল্পী প্ৰতিভা আৰু শিল্পী মনৰ মিলনত যিজন প্ৰকৃত শিল্পীৰ জন্ম হয়— সেইজনহে সকলোৰে মৰমৰ, শ্ৰদ্ধাৰ আৰু আদৰ্শস্থানীয় হয়।

 ১৯৭৮ চনৰ কথা, বহুতো অসুবিধা নেওচি (কৰ্তৃপক্ষৰ বাধা, ঘৰৰ ঘৈণী শয্যাশায়ী, ইফালে জেপৰ ধন খৰচ কৰি) গুৱাহাটীৰ ৰেডিঅ'ত প্ৰথমবাৰৰ বাবে পূৰ্ণাঙ্গ ইংৰাজী নাটকৰ প্ৰচাৰ আৰম্ভ কৰিছিলোঁ— জুলিয়াচ চিজাৰ। চিজাৰৰ ভূমিকাত ইউছুফক লৈছিলোঁ। কিন্তু বৰকৈ অসুস্থ হোৱাত শেষত আহিব নোৱাৰিলে। পিচত লগ পাই ক’লে— “নাটক শুনিলোঁ। বৰ ভাল প্ৰচেষ্টা হৈছে। আহিব নোৱাৰি নিজে দুখ পাইছোঁ। ভৱিষ্যতে মাতিব।” পিচৰ বছৰ অথেল’ কৰিলোঁ; কিন্তু এই বছৰ তেওঁৰ উপযোগী ভূমিকা নাই বুলি নিৰ্ণয় কৰি ইউছুফক মতা নহ’ল। ইয়াৰ পিচত এবাৰ নগাওঁত লগ পাই ক’লে যে নাটকখন আগৰ বছৰতকৈ বেছি সুন্দৰ হৈছে। লগতে ক’লে তেওঁক