এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


শিল্পীক আওহেলা কৰিব পৰা যায় কিন্তু তেওঁলোকক অস্বীকাৰ কৰিব নোৱাৰি। তথাপি বাস্তৱত হয় কি? বাওনাৰ ছাঁই সময়ত দীঘল হৈ দীঘল ছাঁকো গিলি থয়। সময় আৰু পৰিস্থিতিত ইউছুফহঁতকো বাওনাৰ ছাঁই ঢাকি ধৰিলে।

 ১৯৫৫ চন। দীঘলীপুখুৰীপাৰৰ পাৰ্কভিউ হোটেলত আমি (মই, নচিউৰ ৰহমান, নবীন বৰা আৰু কেবাজনো) স্থানীয় বাসিন্দা। ৰেডিঅ’ৰ কেজুৱেল শিল্পী তচদ্দুক ইউছুফ আমাৰ হোটেললৈ সদায় গধূলি আহে। যিকোনো অৱস্থা আৰু পৰিস্থিতিতে তেওঁৰ লগত আমাৰ কথা-বতৰা মাত্ৰ নাটক আৰু অভিনয়ৰ মাজতে সীমাবদ্ধ আছিল। আজিলৈকে আছিল। তেতিয়াৰ পৰা যেতিয়াই য’তে ইমানদিনে লগ পাইছোঁ, তেওঁৰ সৈতে আন কথা পতা মোৰ মনত নপৰে।

 ৫০ ৰ দশকৰ আৰম্ভণিতে অসমত অনাতাঁৰ সু-অভিনয়ৰ দুটা শৈলীৰ সৃষ্টি হয়। এটা শৈল বৰুৱাৰ আনটো তচদ্দুক ইউছুফৰ। আজিও আমাৰ যিটো অনাতাঁৰ অভিনয়ৰ ধাৰা চলি আছে সেইটো হ’ল শৈল বৰুৱাৰ। ইউছুফৰ অভিনয়শৈলী কিন্তু একক আৰু একপ্ৰকাৰ অননুকৰণীয় আছিল। বহুতে কয় তেওঁৰ অপূৰ্ব ঐশ্বৰ্য্যশালী কণ্ঠস্বৰৰ
৬৮