এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


মোৰ এটা অনুষ্ঠানত বুক কৰ বাবে, সেই সময়ৰ চৰকাৰী শিল্পী বুদ্ধিজীৱীসকলে মুখ বিদৰাই কেছিল, “ইউছুফ আগতেহে ভাল আছিল। এতিয়া ভইচ ৰ’ল কৰে। ছেঃ আমাৰ অমুককে দিব পাৰিলোহেঁতেন…” আজিও, এই অমূকহঁতে পিঠি খজুৱাই দিয়াৰ পিচত, মাত্ৰ বস্তুৰ বিক্ৰি বঢ়োৱা, তম্বুৰ তলত দৰ্শকক হহুওঁৱা অথবা ভোজ ৰন্ধাৰহে যোগ্যতা থকা এদললোকে ইউছুফৰ মৃত্যুৰ দিনা এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আগনবঢ়ালে। অযোগ্য আৰু অসাধুলোকে সামান্য ক্ষমতা লাভ কৰিলে, স্বজন প্ৰীতি আৰু দুৰ্নীতিৰ সহায় লৈ, এইদৰে অকৃতজ্ঞতাৰ চিনাকী দিয়ে। অকল ইউছুফৰ ক্ষেত্ৰতে নহয় এই কথা মই উপলব্ধি কৰিছিলোঁ। যিদিনা প্ৰতিভাবান শিল্পী স্বৰ্গীয় সত্যেন চৌধুৰী আৰু শ্ৰীতুলসী দাসক পুনৰ অডিচন্ দিবলৈ মাতি আনি ষ্টুডিঅ’ৰ বেঞ্চ এখনত কেবা ঘণ্টাও বহুৱাই ৰখা হৈছিল।

 একান্ত নিজা অভিজ্ঞতাৰে এই নিষ্ঠুৰতাৰ উদাহৰণ বহুবাৰ দেখি, এতিয়া মই মৃণাল সেনৰ ছবিত পেটৰ ভোকে মানুহক জন্তুলৈ ৰূপান্তৰিত কৰাৰ দৃশ্যত পতিয়ন নাযাওঁ। অক্ষমতাৰপৰা জন্ম বিদ্বেষে মানুহক হিংস্ৰ পশু কৰি তোলা দেখিছোঁ। ক্ষমতাৰ অপপ্ৰয়োগেৰে ইউছুফহঁতৰ দৰে

৬৭