এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 মোৰ অভিযান স্বাভাবিক ভাবেই ব্যৰ্থ হৈছিল।

 মোৰ আজিও মনত আছে, তচদ্দুকৰ ভনীয়েক নাজনীন্ সেই সময়ত আমাৰ লগত আছিল। মোৰ অনুৰোধক্ৰমে তচদ্দুকৰ পৰিয়াল এৰি নাজনিন্ আমাৰ ঘৰত আছিলেহি। গতিকেই তচদ্দুকে বেয়াপোৱা কথা ক’বলগা হোৱাত সেইদিনা মোৰো বেয়া লাগিছিল। সেইদিনাই আমাৰ বন্ধুত্বৰ শেষ হ’ল বুলি মই ধৰি লৈছিলোঁ। কিন্তু তচদ্দুকৰ বন্ধুপ্ৰেম আছিল অনন্য। তেওঁ হাঁহি হাঁহি আমাৰ ঘৰত উপস্থিত হৈছিলহি আৰু নাজনিন্‌ক আঁকোৱালি লৈছিল। এই ঘটনাৰ দুসপ্তাহৰ পিছতেই দহ বছৰীয়া আঁজলী নাজনিন্‌‌ৰ মৃত্যু হৈছিল।

 তচদ্দুকে মোক যেতিয়াই লগ পাইছিল তেতিয়াই সাহিত্য-শিল্প আৰু চলচিত্ৰৰ কথা কৈছিল। মোৰ স্মৃতিত এটা কথাত দকৈ ৰৈ গৈছে— জীৱনৰ প্ৰতি তচদ্দুকৰ আছিল এক অদমনীয় ব্যকুলতা; জীৱনৰ প্ৰতিটো ক্ষণ তেওঁ সজীৱ কৰি ৰাখিব খুজিছিল আৰু বিচাৰিছিল লক্ষ্যৰ অভিযান পূৰ্ণ কৰিব তেওঁৰ অভিযান আছিল— শৈল্পিক আৰু নাট্যজগতৰ মাজেৰে নিজৰ প্ৰকাশ পৰিস্ফুত কৰাৰ! এই অভিযানত তচদ্দুক বহুলাংশে সফলো হৈছিল। কোনে জানে— অসমীয়া
৬২