এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


এখন গঠন কৰিবলৈ গৈ ঘৃণনীয় সাম্প্ৰদায়িকতাৰ আশ্ৰয় লয়। আজিৰ অসমৰ এই পৰিবেশৰ মাজত তচদ্দুক ইউছুফে, মোৰ অগ্ৰজ বাপুদাই সেয়েহে কলং পাৰত থিয়হৈ কলংপাৰৰ কবিৰ উক্তিকেই পুনৰ আবৃত্তি কৰিলে— “মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা’। ইয়াতকৈ দুখৰ, ইয়াতকৈ মৰ্মান্তিক আৰু একোৱেই হ’ব নোৱাৰে, যদিহে সংস্কৃতিক উপলব্ধি কাৰোবাৰ আছে।