পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰ’দ জিলমিল


 ‘বোধকৰো ৰেলেৰে আহি তিনিমান বজাতেই পালেহি। তাৰপৰাহে ছাগে এইছোৱা গৰু গাড়ীৰে আহিছে। মালতীয়ে ক'লে।

 সেয়ানো কোন হব পাৰে—এনে এটা ভাবত সোণতৰাই ৰঙিলীলই চাই ভাবিলে—সুদীপ নহয়তো! ৰূপাইৰ ল’ৰা!!

 গাঁওখনৰ মুখ উজলাই চহৰলই পঢ়িবলই যোৱা সুদীপৰ কথা মনলই অহাত সোণতৰাৰ মনটো উলাহতে নাচি উঠিল।

 পদুম পুখুৰীৰ ঘাটলই পানী নিবলই অহা কেউজনীয়ে লৰালৰিকই নিজ নিজ কাম শেষ কৰি কাষত ভৰা পানীৰ কলহ লই ৰূপাইৰ ঘৰৰ আগেদিয়েই ঘৰলই বুলি খোজ ল'লে।

 হয়, ছ'ই দিয়া গৰু গাড়ীখন ৰূপাইহঁতৰ পদূলিতে ৰ’ই আছে। কাষতে ঘাঁহ খাই থকা এৰাল দিয়া গৰুহালৰ পিঠিত ৰতি গাড়োৱানে মৰমেৰে হাত বুলাইছে।

 ৰূপাইৰ ঘৰৰ চোতালখন উদুলি-মুদুলি। চহৰৰ পৰা সুদীপ আহিছে। পঢ়া-শুনা কৰি ডাঙৰ মানুহ হই আহিছে। আজি তিনি বছৰৰ মূৰত সুদীপক পাই ওচৰ-পাজৰৰ ল'ৰা- ছোৱালীবোৰে বেঢ়ি ধৰিছে। মাজতে মূঢ়া এটাত সুদীপ বহি সবাৰে বা-বতৰা লইছে। মেথো ককা আৰু আঘোণা দাইটিয়ে মূৰত হাত বুলাই আশীষ জনাইছে। ৰূপাই দদাই আৰু সেন্দুৰী খুৰীয়ে হৰষত ইফাল সিফাল কৰি ফুৰিছে। অলপ পাছত কপাহী আইতাও লাখুটিডালত ভৰ দি সেইখিনি ওলালহি। কঁকালটো পোনাই মূৰৰ চুলিৰ সমান আয়ুস বঢ়াৰ আশীৰ্বাদ দি উপ্কৰে সুদীপৰ গালত এটা চুমা খালে।

 পানীভৰা কলহ লই সোণতৰাহঁতো জুমটো ঠেলি সুদীপৰ কাষ পালেহি। সুদীপে হাঁহিমুখে থিয় দিলে।

 ‘আমি থিকেই ভাবিছিলোঁ—তুমিয়েই আহিছা’—মালতীয়ে এমোকোৰা হাঁহিৰে ক’লে।

 ‘মই অহাত বেয়া পাইছ নেকি আক'।'—মিচিকিয়াই সুদীপে ক'লে।