পৃষ্ঠা:ৰ’দ জিলমিল.pdf/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
ৰ’দ জিলমিল


 চেলিমে টপৰাই মাত লগালে—‘কিন্‌তু বোপাই, আল্‌লাৰ ওপৰত কাৰ হাত আছে? খোদাৰ ৰহমততেই আমি ল'ৰা-ছোৱালী পাওঁ। তাক বাধা দিলে গুনাহ নহ'ব নে?’

 বাকীবোৰ নিমাতে ৰ'ল যদিও মেথো ককা আৰু ভদোৱে চেলিমৰ কথাটোত হয়ভৰ দি ক'লে—‘জনম মৰণ ভগৱানৰ ইচ্‌ছা‌ত হে! আমি সামাইন মনুইষ হই তাত কি হকা বধা কৰিব পাৰোঁ?’

 এইবাৰ সুদীপেই উঠি ক'লে—'ৰাইজ, আল্‌লা বা ভগৱানৰ দোহাই দি আমি সোপা সোপে ল'ৰা-ছোৱালী জনম দিব পাৰো। সিহঁতক খুৱাব তো লাগিব! লেখা- পঢ়া শিকাই মানুহ কৰিবতো লাগিব। যাৰ দুসাজ খাবলইয়ে টনাটনি তেওঁলোকে নো ইমানবোৰ ল'ৰা-ছোৱালীৰ যতন কেনেকই লব? জনম ৰোধ কৰিলে পাপ নালাগে। গুনাহ নহয়। জনম দিয়াৰ পাছত ভোকাতুৰ শিশুক খুৱাব- পিন্‌ধাব নোৱাৰিলে, লেখা-পঢ়া শিকাই মানুহ কৰিব নোৱাৰিলেহে পাপ লাগিব। দেশখনৰ কথাও ভাবি চাবৰ হ’ল। সেয়ে চৰকাৰে কৰা পৰিয়াল পৰিকল্‌পনাত আমি আমাৰ নিজৰ ভালৰ বাবেই সঁহাৰি জনাব লাগিব। শিয়ালৰ জাক্ জাক্ সিঙহৰ এটা। এয়ে ভাল নহয়’ জানো ৰাইজ? গতিকে ডাক্‌তৰে সজ কথাকেই কইছে— মন্‌দি শুনক।’ সুদীপ বহিল।

 ৰাইজৰ মাজৰ গুণ্‌গুণনি খিনিও এইবাৰ নাইকিয়া হ'ল। সকলোৱে নিৰৱে চকু তুলি ডাক্‌তৰলই চাই ৰ'ল।

 ডাক্‌তৰে পুনৰ ক'লে—‘সুদীপে ঠিকেই কইছে ৰাইজ, আমাৰ দেশখনত দিনে দিনে মানুহ বাঢ়ি যাব লাগিছে। এতিয়া সত্‌তৰ কোটিৰ ওচৰা-ওচৰি মানুহ। মানুহ বাঢ়ি থাকিলেও মাটি নাবাঢ়ে। মাটি নাবাঢ়ে বাবে শইচও নাবাঢ়ে।