পৃষ্ঠা:ৰ’দ জিলমিল.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
ৰ’দ জিলমিল


পাতিব লাগিব। তাৰ পাছতহে এটা এটা কই আনবোৰ কাম কৰিব লাগিব।

 নাহৰকলি গাঁৱলই সুদীপে বেগাই খোজ ললে। গাঁও- বুঢ়াকে আদি কৰি আটাইকেইজন মুখীয়াললোককে লগ ধৰিব লাগিব। দিগেন, টিকেনহঁতক কথাখিনি ভাঙি-পাতি কব লাগিব। আজি গধুলিলই কমলা বায়নৰ আগাচোতালতে মেলৰ পাতনি মেলিব লাগিব। ঠাইখিনি সোঁমাজত হোৱা বাবে ৰাইজ গোট খাবৰ সুবিধা হ'ব। তাতে বায়নো এনে- বোৰ কামত গা-উঠা মানুহ। সকলোৱে সমীহো কৰে।

 পদুম-পুখুৰীৰ পাৰেৰে এইবোৰকে ভাবি ভাবি আহি থাকোতে জেতুকী পেহীয়ে লগ পাই সুদীপক কুশল বাতৰি সুধিলে। পদুম পুখুৰীৰ পাৰটো বৰ লেতেৰা হই পৰিছে— পেহীৰ লগত কথা পাতোতে সুদীপে মন কৰিলে। এটা ঘাটৰ পৰা গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে খোৱা পানী তোলে। আন- পিনে তাতে গা-ও তিয়ায়। অলপ দূৰইৰ শিলচটাত কাপোৰ ধোৱে যদিও কাপোৰ ধোৱা মলিয়ন পানীবোৰো আহি পুখুৰীতে পৰেহি। অথচ এই পানীয়েই গোটেই গাঁওখনে খোৱা-বোৱা, বন্ধা-বঢ়া সকলো কামতে লগায়। সেই কাৰণেইতো কাৰো চেহেৰাৰ চিৰি-বিধি নাই। বেমাৰৰো শেষ নাই। এই পুখুৰীৰ পানী থাবলই সুদীপৰ কিবা ঘিণ লাগি গ'ল।

 গাঁওবুঢ়াৰ ঘৰলই খোজ ল'লে সুদীপে। দূৰইৰ পৰাই সুদীপক দেখি সোণতৰা উলাহেৰে নঙলামুখলই ওলাই আহিল। অভিমানৰ সুৰত ক'লে,-“তুমি কালিয়েই আহি আমাৰ ঘৰলই আহিবলই এতিয়াহে সময় পালানে? বাটলই চাওঁতে চকু বিষাল। ক’তনো মহলা মাৰি আছিলাগই? সোণতৰাৰ অভিমান ভৰা ফুখখনলই চাই হাঁহি হাঁহি সুদীপে ক'লে—‘ক’তনো মহলা মৰা দেখিলি? চোম্‌তলা গাঁৱৰ মণি পণ্‌ডিতৰ ঘৰলই গইছিলোঁ। তাৰ পৰাই এয়া আহি আছোঁ।’