পৃষ্ঠা:ৰ’দ জিলমিল.pdf/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰ’দ জিলমিল


মুখবোৰ চকুৰ আগত উজলি উঠিছে। তহঁতৰ কথা বৰকই মনত পৰিছে। ভাব হইছে অকল ময়েইতো ডাঙৰ হ'লে নহ'ব —গাঁওখনৰ ল'ৰা-ছোৱালীবোৰে সা-সুবিধাৰ অভাৱত চিৰ- দিন এলইবাদু হই থাকিব। বুজিছ দিগেন, গাঁওখনক পোহৰ লাগে—বহুত পোহৰ। সকলোৰে জীৱনবোৰ আমি ধুনীয়াকই সজাই দিব লাগিব। সেইকাৰণে মই চাকৰিৰ মোহ এৰি গাঁৱলই গুছি আহিছোঁ। আমি সকলোৱে মিলি কাম কৰিম। আমি কিবা এটা কৰিবই লাগিব।'

 কথাবোেৰ ঠিক বুজিব নোৱাৰি দিগনে একেথৰে বহুপৰ সুদীপৰ মুখলই চাই ৰ'ল। সুদীপে এইবোৰ কি বলকিছে। ইমান যতন কৰি পঢ়িছে, ভালদৰে পাছ কৰিছে। সিহঁতৰ দৰে গাঁৱত সোমাই থাকিব কিয়? গাঁৱত থাকিলে সুদীপ বৰলোক হব কিদৰে? গাঁওখনৰ মুখ উজলাবই বা কেনেকই? ⸺এনে বহুত আৰ-বেৰ নোহোৱা কথাই দিগেনৰ মনটো ছাটি ধৰিলে।

 সেউতী পেহী আৰু ৰহিমলা বাইটি সোমাই অহাত দিগেন-সুদীপৰ কথাৰ যতি পৰিল। দুয়ো গৰাকীয়ে সুদীপৰ কুশল বাতৰি লোৱাত লাগিল। দিগনে মন কৰিলে কিবা এটা চিন্‌তাই যেন সুদীপক অহৰহ আমনি কৰি আছে। দিগেনৰ সমাজিক দেখাৰ দৰে লাগিল - সুদীপ যেন কেৱল গাঁৱৰ এজন ডেকা নহয়⸺ এচেৰেঙা নতুন পোহৰ।

 সেউতী পেহীহঁত ভিতৰ সোমোৱাত দিগেনৰ লগত সুদীপেও গাঁও ফুৰিবলই বুলি ওলাই গ'ল। গাঁওখনৰ চিনাকি গছ-গছনিৰবোৰ, বৰ আঁহতজোপা, বাট-পদূলিবোৰ, নামঘৰ, পদুম পুখুৰী আদি নতুনকই চোৱাৰ হেঁপাহ এটা লই সুদীপৰ মনটো থউকি-বাথউ লাগিল। তিলউৰ বাৰীৰ আম চুৰ কৰি খোৱাৰ কথা মনত পৰাত সুদীপৰ নিজৰে হাঁহি উঠি গ'ল।

 গাঁওখনত সেউজৰ খেলা। দূৰ-দূৰণিলই চাই পঠিয়ালে সুদীপে। যিমান ধান হ'ব লাগিছিল, সিমান নাই। সেৰেঙা।