এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কুঁৱৰী
জলৰ কুঁৱৰী তুমি থলৰ কুঁৱৰী তুমি
তুমিয়েই ফুলনিতো ফুলৰ কুঁৱৰী,
পছম পাহিৰ শোভা শেৱালিৰ কোমলতা
তোমাকে বিচাৰি আহে তোমাকে সুৱঁৰি!
হেঙুলীয়া অৰুণৰ সাতোটি ৰঙেৰে দেৱী
কবিয়ে পেলাব আজি তোমাক বোলায়,
দ্বাপৰৰ বন বেণু যমুনাৰ খৰ স্ৰোতি
স্তব্ধ হব সকলোটি সেই ৰূপ চাই!
✷ ✷ ✷ ✷
দেবীও নোহোৱা তুমি নোহোৱা কুঁৱৰী তুমি
তুমি মাথো আবেগৰ সপোন-শলিতা,
কবিৰ কল্পনা তুমি, মিছাকথা, সত্য তুমি;
মিছা কথা, তুমি প্ৰিয়া তুমিয়ে কবিতা।
✷ ✷ ✷ ✷
অৰুণৰ সাতো ৰং সাতো-সাগৰৰ ৰূপ
তোমাৰ কাষতে তেনে যক জয় পৰি,
মৰতৰ ফুলা ফুল থাকক পাহিতে বহি
নপৰক, নসৰক তোমাকে সুৱৰি।
⸻
[ 2 ]