পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কবিতা

—কবিতাৰ মহা ভাৰ লই,
নাই অহা বৰদাক পূজা দিবলই!
—আজি—
গছে গছে পাতে পাতে
ঘৰে পৰে বাটে ঘাটে
কবিতা ফুৰিছে উৰি কবিতাকে লই
আৰুনো কবিতা তেনে লাগে কিহলই?
অন্তৰৰ আঁহে আঁহে কবিতা উৰিছে
মন্দিৰত পাহে পাহে কবিতা শোভিছে,
চকুৱেদি টোপা টোপে কবিতা সৰিছে।
ধূলিতো কবিতা আছে সিচৰতি হই
আৰুনো কবিতা তেনে লাগে কিহলই?
কলিয়ে কলিয়ে আজি ফুলিছে কবিতা,
পাহিয়ে পাহিয়ে আজি দোলিছে কবিতা,
ৰেণুৱে ৰেণুৱে মিলি উৰিছে কবিতা,
কলীয়া অলিও পৰে কবিতাত গই,
আৰুনো কবিতা তেনে লাগে কিহলই?
কুঁৱলীত ৰাশি ৰাশি আহিছে কবিতা,
এন্ধাৰত পোহৰত ভাঁহিছে কবিতা,
আকাশে বতাহে মাথো কবিতা কবিতা
নৈৰ বুকুতো আজি কবিতাহে বয়।
সেয়েহে কবিয়ে কয়—
“মেঘে মেঘে মিলি সাবটা সাবটি
জগত কবিতা ময়।"