এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্ৰিয়ে অলপ ৰোৱা ( 5 ) প্ৰিয়ে, অলপ ৰোৱা! সোধো সোধো বুলি লাজতে কথাটি সুধিব নোৱাৰো অ’ই, কতদিন হ’ল, ৰাখিছে৷ আজিও গুপুতে বুকুতে ল'ই; যাওঁ বুলি আজি ওলালা যেতিয়া নকৰে৷ ৰাৰণ যোৱা, লাজ কাটি কৰি মোৰো কথাষাৰি সোধো তেনে শুনি লোৱা; প্ৰিয়ে, অলপ ৰোৱা! ( 2 ) প্ৰিয়ে, অলপ ৰোৱা! যিখনি মুখৰ ৰূপহী লহৰী বাগৰি বুকেদি মোৰ, কৰিছিলে মোৰ তাপিত জীৱন সুৱদি ৰসেৰে পূৰ, গুৰণি তলৰ সেই মুখখনি সুধাৰ নিজৰা বোৱা, চাই লওঁ আজি হেঁপাহ পলাই আৰুতো নহৰ চোৱা; প্ৰিয়ে, অলপ ৰোৱা! [ 8 ]