এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰূপ-জ্যোতি— মিছাকথা সি যে এক ছিগাৰ আগতে সখী মধুৰ কঁপনি মাথে। এডালি তাঁৰৰ, সি যে এক অৰুণৰ শেষৰ কিৰণ কণ ধুমুহা অহাৰ আগে মেঘৰ আঁৰৰ! সিয়ো ভাল, তাকে লাই পাৰিলেহেঁতেন যদি বুজনি মানিব মোৰ অবুজ বুকুৱে, নিলাজ চকুৱে মোৰ চকুপানী ছটিয়াই শিলৰ প্ৰতিমাখনি নিতে জানো ধোৱে? ওপৰেদি উৰি যায় শুকুল। পাখিৰে পৰী ফালি ফালি আকাশৰ শুকুলা ডাৱৰ, লুইতৰ সোঁতে সোঁতে উটি যায় নাৱৰীয়া নাচোনৰ ছেৱে ছেৱে ৰূপালী পালৰ। ময়ো যাওঁ উৰি সখী মৰণৰ পাৰে পাৰে ভাঙিব নোৱাৰা বোজা বোকোচাত ৰাই, লুইতৰ সোঁতে সোঁতে ময়ো যাওঁ উটি সখী বিৰহৰ ঢউ লেখি বিয়াকুল হ'ই! হৰ জানো সখী ঐ শেষ মোৰ ঢউ লেখা আহিবনে সেইদিন ৰব জানে৷ সখী মোৰ চকুলোৰ ধাৰ, উমি উমি তুঁহ জুই বিৰহ-ব্যথাৰ! নজ্বলে যিদিনা আৰু [ ৪ ]