পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পূৰ্ণিমাৰ জোনাকত অ' মোৰ জোনাকী অ’ই এইহেন সুৱদি জোনাক যামিনী নাই কাৰো বাধা নাই যে বিঘিনী, ৰূপ-জ্যোতি— (আমাৰো) অধৰে অধৰে হওক চিনা-চিনি নাথাকে। মিছাতে ৰ’ই। আহ৷ মোৰ জোনাকী অ'ই! অপেক্ষা উৰুখা পজাত বহি আজিও সাজিছো কত আজিও ৰচিছো সখী আকাশ পাতাল ভাবি ঢোপা কলি গাঁথি গাঁথি হেঁপাহৰ হাৰ, বুকুৰ বেদনা সানি কুকি কবিতাৰ! শেষ হলে মালা গঁথা দুধাৰি চকুলো বয় কুকি সজা শেষ হলে হুমুনিয়া আছে, কোন আছে, কাক দিম? —হি বেদনা জাগি মিলন-মালতী মোৰ সৰে পাহে পাহে! তুমিতো এদিন ক'লা, “ভালপাওঁ তোমাকেই” আছে জানো সেই ভাব আজিও তোমাৰ? আছে যদি কোৱা সখী বিফলে নেযাৰ তেনে ঢোপাকলি গঁথা মোৰ আলসুৱা হাৰ! [89]]