পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰূপ-জ্যোতি— এনেতেই কোনোবাই কলে মোক কাণে কাণে “নহবি অ' বাউল, এবাৰ মাতিলে৷ 'আই', গঢ়ি থক গঢ়ে মানে কৰি থক কৰে মানে কপালত আছে যাৰ নসৰে চাউল।” ৰূপ-জ্যোতি ৰূপৰ জেউতি সখী - নাশিব নোৱাৰে কেৱে নিজৰ ৰশ্মিতে মাথো নিজে মাৰ যায়; -এন্ধাৰে আঠুৱা তৰি বাধা দিয়ে অৰুণক তেওচো পুৱাতে আহি পোহৰ বিলায়। কুঁৱলীয়ে ছাটি ধৰে ঊষাৰ লাহৰি আভা তথাপি মলয়া বয় বলিৱৰ হ'লে, ঘোপ মৰা ডাৱৰৰ মাজেদি সুৰুঙা ফালি মেঘত দীপালী সাজি জোন তৰা জ্বলে। পাহি মেলি ফুলি অহা পদুমৰ কলি, জালিকটা ৰিহাৰেই আবেগৰ বা লাগি ঢাকিলে কিহক সখী লুৰিবনে ৰেণু তাৰ নাহিৱনে কাষ চাপি মতলীয়া অলি? [ 8 ]