এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰূপ-জ্যোতি— হব পাৰে সঁচা কথা কিন্তু সখী ভাবি চোৱা পুৰুষে নাপায় যদি প্ৰকৃতিৰ প্ৰাণ, কিয় তেনে মিছাতেই “আমিয়েই শ্ৰেষ্ঠ” বুলি মৰতত মানুহেই কৰে অভিমান? কিয় তেনে জগতেই কৰে নিতে জগৰীয়া ৰিবেক বিহীন এই গৰু পশুবোৰ, মানুহেই মানুহৰ নাই দেখা তেজ যদি নাই বুজা নিজৰেই সুৰ চকুলোৰ সখা মোৰ! কওঁ শুনা সৃষ্টি শ্ৰেষ্ঠ মানৰক কবিয়ে কৰিতা লিখি কৰিলে পাগল, সেয়েহ্ েতোমাকে মোকে নেপালে৷ কোনোৱে পিব 'যমুনাৰ জল'। নিমিলালে মৰতত 1. সখা ঐ! মোৰ হিয়া কাকনো সপিম তেনে আজি এই পদুমৰ নিজান বনত, কাকনো বিচাৰি বৰুি অকলশৰীয়া হই বিচাৰিছো নিজা মন, নিজৰে মনত। এনেতে পাৰত গই পালো মোৰ নিজা ঘৰ আইতাই আখলত মজিয়া মচিছে, পাছ ফালে চোতালত কুমাৰে নিৰলে বহি মাটিৰেই মানুহৰ মানুহ সাজিছে। [ ৪২ ]