এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰূপ-জ্যোতি— ই দৰেই ভাবি ভাবি হঠাতে থমকি ৰলো অচিনাকি ঠাই, আগতে পছম বন গই আছে৷ অকল' ই ফুলিছে কিমান ফুল সৰিছে কিমান পাহি লেখজোখ নাই। ওপৰৰ ফালে চালো নাই কতো ৰঙা ৰদ নাই কতো জোন তৰা তথাপি জোনাক, নাইতো কলীয়া মেঘ 'কিহেনো ঢাকিলে তেনে সূৰুযৰ চোকা তেজ, জোন তৰা জাক! /—ইকি! ই যে অদূৰত { এখনি ফুলাম তৰী পদুমৰ পাহি ভাঙি চাপেছেহি কাষ, জলৰ কুঁৱৰী নেকি? নহলে মানবী আহি অকলে ইয়াত কিয় কৰিছেহি বাস? “ভাবিছা কিটোনো বাৰু অচিনাকি পথহাৰা! ফুলৰ কোঁৱৰ যদি কি লাগে তোমাক কোৱা পদুম বনত, কবিতা কঠীয়া কিয় সিচিছা মনত!” নোহোৱা যুৱক তুমি মায়াবিনী নেকি এওঁ? এইদৰে ভাবোতেই নহলে মনৰ কথা কব কেনেকই? আঁহাচোন বাৰু তুমি উঠি নাৱলই”। [ 8 ] নতুবা কোনোবা দেৰী, কলে, “হেৰা অচিনাকি