পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৰগৰ ফুলনিত নাই তাত বিৰহৰ স্বপ্ন থাকিম সুখেৰে বহি কৰুণ বেদনা ধ্বনি নাই তাত মৰতৰ পাহি সৰা ফুল; ব্যথাভৰা প্ৰেমিকৰ, বিননিৰ ৰোল! ফুলে তাত পৰাণৰ কোমল কমল কলি উৰে তাত প্ৰণয়ৰ ৰঙা বগা ৰেণু, বাজে তাত গকুলৰ যমুনা পাৰত বজা তাহানিৰ সুমধুৰ সেই একে বেণু। কলিয়া কুলিয়ে তাত নেজানে উৰুলি দিব নবহেহি কেতেকীও বিৰিখৰ ছাঁত, হেঙুলীয়া সপোনৰ পৰশতে ভাঁহি আহে d আধা ফুটা কেঁচুৱাৰ মউসনা মাত। গৰবিনী তটিনীৰ প্ৰেমৰ বিমল সুধা নাই কতো কলৰব প্ৰাণত উথলি উঠে অপৰূপ গোলাপৰ নাই অভিমান, অযাচিতে প্ৰেমিকক কৰে নিতে দান। [ ৩৯ ]