এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰূপ জ্যোতি- আধা তিতা ৰিহাখনি ফাল্গুনীয়ে আলাসতে দিয়েহি উৰাই, পানী নিয়া ৰূপহী বলিয়া কবিয়ে দেখি
- মতলীয়া লিখনীৰে
প্ৰেমৰ কবিতা লিখি পিয়াহ গুচায়। ননীৰ পুতলা এটি কেতিয়ানো জহি যায় ফাগুনৰ ৰঙা ৰদে পাৰে জানো কব, কুলিৰ উৰুলি শুনি কিমান সপোন ভাগে বিৰহিনী কেতেকীয়ে কিনো লেখ লব? প্ৰেমৰ থাপনা পাতি অৰুণ কিৰণ ছাটি ফাগুনত ফুলপাহি চুমি চুমি যায়, সেই একে কিৰণেই কুঁৱলীৰ আঁৰে আঁৰে পুহত কৰুণ সুৰে নিৰলে বিনায় অতীত কালৰ ব্যথা নিকৰুণ কত, কথা গঁথা আছে বসন্তৰ গাঁঠিয়ে গাঁঠিয়ে, তাৰেই আভাস লৈ . ফুলৰ সুবাস বুলি পুৰণি বসন্ত – ফাল্গুনীয়ে বিৰহীক উপহাৰ দিয়ে। বসন্ত পুৰণি হল, প্ৰকৃতি পুৰণি, গছ, লতা, ফুল, পাত সকলো পুৰণি, সেউজীয়া সাজ পাৰ অতিকে পুৰণি, নাই কতো নতুনৰ ৰেখ; [ 35 ]