এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰূপ-জ্যোতি- নিতৌ নতুন হবি সৌন্দৰ্য্যৰ পূৰ্ণ ছবি লাগিছে পূৰ্ণিমা কিয় পূৰ্ণিমা হলেই হব অমাবস্যা ঘোৰ, আঁকিব খোজোতে কবি লিখনী উফৰি পৰি টোকে চকুলোৰ। ন-জোন হৱ যদি নিতউ নতুন, সোণৰ মাজতে৷ তয়ে হবি কেঁচাসোণ। বসন্ত বসন্ত-- বসন্তৰ পৰশত ফুলৰেই তৰী সাজি সুচিকুণ সেউজীয়া ঢউ খেলি যায়, তৰু, লতা, তৃণাদিত ফুলৰেই পাল তৰি ফাল্গুনীয়ে প্ৰকৃতিক সুৰভি বিলায়। মউ লোভি ভোমোৰাই গুণ, গুণ, গুণ, গুণ, আলসুৱা অধৰৰ গুণ, গুণ, গুণ, ৰৱে গীতেৰে ভুলাই, মালতীৰ মনোৰমা আলফুলে সুধা লই উৰি গুচি যায়। [ 38 ]