পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ন-জোন বহি বহি ভাবিবৰ কলিটি যেতিয়া ফুলে যেতিয়া সময় হয় ভাবেই নোলায়, তটিনীৰ তীৰে তীৰে ৰঙা বগা পদুমৰ ফুলাৰ আগতে তাৰ শোভা মাৰ যায় ৷ নৌ হওঁতেই পুৱা গীত নৌ গাওঁতেই বিহগীৰ সুৰে নিতে মন আমোলায়, প্রভাতী মলয়া ব’লে কোকিলৰো কাকলিত নবৰষে মৌ-ৰস, মাধুৰী নোলায় । বসন্তৰ পৰ্শত ফুলিব কেতেকী ফুল আশাৰ সৌৰভ লাগি মন উৰি যায়, ছিঙিলে কেতেকী ফুল পাতৰ কাঁইটে কাটি হাতৰ আঙুলি মাথো তেজেৰে বোলায় । ডাৱৰৰ আঁৰে আঁৰে আহিবি কিৰণ ঢালি পাৰিলে সাজিবি মালা গাঁথি গাঁথি তৰা, পাৰিলে আপোন সুে আপোনাৰে গাবি গান আপোনা আপুনি হবি সুখে দুখে ভৰা । [ 22 ]