পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ৰূপ-জ্যোতি—
 

সেই বিৰহৰে ছবি আঁকি আঁকি
তয়ে দূত বুলি তোকে দিয়ে ফাঁকি,
সেইহে কিজানি তোৰ দুগালেদি
সৰিছে আজিও চকুলো ধাৰ,
আকুল বুকুত উঠিছে বিননি
ছিগিছে প্ৰাণৰ মোহন-তাঁৰ।

‘যক্ষ’ বিৰহী কৱিৰ সপোন,
‘দূত’ বুলি তোৰ মিছাতে নাম,
শত বিৰহীৰ মিলন-মাধুৰী
তোৰ বুকুতেই বিচাৰি পাম
তয়েই সিচিছ ধৰাত অমৃত
জগত বিয়পি জেউতি চৰে,
তোৰে সুৰ লাগি ডুবৰি-পাটীত,
ৰূপহী ফুলৰ চুপহি ধৰে।

তোৰ বুকুতেই সোণৰ পদুম
কত মাণিকৰ ফুলিল কলি,
কত ৰূপহীৰ অপৰূপ ছবি
তোৰ পৰশতে পৰিল ঢলি!
আজি আহাৰৰ প্ৰথম দিনত
ছিঙিবি কিয়নো বীণাৰ তাঁৰ,
হেৰ’ আহাৰৰ কলীয়া ডাৱৰ
বলিয়া বাতৰি আনিছ কাৰ?

[ ৩১ ]