পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মেঘদূত-স্বপ্ন হেৰ' আহাৰৰ কলীয়া ডাৱৰ বলিয়া বাতৰি আনিছ কাৰ, কোন বিৰহিনী হিত পৰি নেওচি পেলালে সোণৰ হাৰ? তাৰে জিলিকনি জিলিকি জিলিকি মেঘৰ বুকুত বিজুলী চমকি, প্ৰেমিকক দি ব্যথাৰ বাতৰি বোৱাব খোজনে চকুলো ধাৰ হেৰ' আহাৰৰ কলীয়া ডাৱৰ, বলিয়া বাতৰি আনিছ কাৰ? শৰতৰ কত শত সুধাকৰে শেৱালি পাহিতে চুমাটি দিলে, ফাল্গুনী বতাহে ৰূপহী নিশাত কত সপোনৰ সফুৰা নিলে; আজি কিয় তোৰ বুকুত বেদনা বিশ্ব বিয়পা অশ্ৰুভাৰ, হেৰ' আহাৰৰ কলীয়া ডাৱৰ . বলিয়া বাতৰি আনিছ কাৰ? মতলীয়া হৈ বলিয়া কবিয়ে, চকিত৷ চকুৰ নুবুজি ঠাৰ 'আহা প্ৰিয়ে' বুলি কব খোজোতেই

হাততে হেৰাল কবিতা-হাৰ। ]