পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এই প্ৰশ্নৰ বাবে আজি এই পৃথিৱীত, একক উদ্দেশ্য কৰি বহুৰূপ হল, এই প্ৰশ্নৰ বাবে আজি মহীমণ্ডলত একলক্ষ্য, তথাপিও বহু ধৰ্ম্ম ৰ'ল! যুগে যুগে ভাৰতৰ মৰমী বুকত জন্ম ল'লে কত যোগী কতনো মহাত্মা, কৈ গ'ল শিক্ষা দিলে, দীক্ষাৰ লগত— “সকলো আত্মাৰ মূল মাথো পৰমাত্মা।” “বিশ্বৰ সকলো ছায়া, কায়া মাথো তেওঁ যি জনে কৰিলে সৃষ্টি সকলো সৃষ্টিৰ, সকলোৰে আদি তেওঁ তেওঁতেই শেষ, শিষ্য তেওঁ, গুৰু তেওঁ সকলো বিধিৰ।” “তেওঁৰে বিধান মানি বিশ্ব জগতত ৰাতি দিন নিৰন্তৰ গ্ৰহ-তৰা ঘূৰে, তেওঁৰে আদেশ লৈ এই মৰতত জনমৰ পাচে পাচে মৃত্যু ঘূৰি ফুৰে।” প্ৰশ্ন হয় পুনুবাৰ ক'ত থাকে তেওঁ, কোন পথে আগুৱালে পাব পাৰি দেখা, কোন দেৱ মন্দিৰৰ সুৱৰ্ণ বেদীত লেখা আছে সিজনৰ চৰণৰ ৰেখা? [ 23 ] ৰূপ-জ্যোতি—