পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীশ্ৰীৰামকৃষ্ণ পৰমহংস অনন্ত মাধুৰীভৰা অনন্ত আকাশ, মাধুৰীৰে ভৰপূৰ স্মশ্যামল ধৰা, অসীমক লক্ষ্য কৰি বয় তৰঙ্গিনী অনন্ত উদ্দেশি ঘূৰে কোটি গ্ৰহ তৰা। কেন্দ্ৰ কৰি অসীমৰ অদৃশ্য শকতি মহিমাৰ ৰেখা লেখি, সাধি নিজ কাম, মাহ, ঋতু, বৰ্ষ, যুগ, দিবস, ৰজনী, ঊষা, সন্ধ্যা চক্ৰাকাৰে ঘূৰে অবিৰাম | পশু, পক্ষী, নৰ, নাৰী, যত জলচৰ, " পৰ্ববত, পাহাৰ, মৰু, তৰু, লতা, বন, বা শকতি সকলোৰে মূল মাথো অদৃশ্য জন্ম আৰু মৰণৰো ইয়েই কাৰণ। প্ৰশ্ন হয়—কোন তেওঁ, কাৰ শকতিৰ জ্যোতিৰ্ম্ময় আলোত উদ্ভাসে ত্ৰিদিব, প্ৰশ্ন হয়—কোন তেওঁ কাৰ ইঙ্গিতত স্ৰজন নিধন হয়, সজীৱ, নিৰ্জীৱ? এই প্ৰশ্ন উজু প্ৰশ্ন, কবিৰ কাৰণে, এই প্ৰশ্ন উজু প্ৰশ্ন, তৰ্কবাদী যি, এই প্ৰশ্ন ভিত্তিহীন বিজ্ঞানাগাৰত তথাপি আটায়ে ভাবে এই প্ৰশ্ন কি? [ 22 ]