পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লাগা শ্ৰীশ্ৰীশঙ্কৰদেৱ এদিন অসম মোৰ আছিল স্বাধীন নিষ্কণ্টক আহোমৰ ৰাজ-সিংহাসন, ঘৰে ঘৰে শান্তি সুখ আছিলে বিৰাজি নাছিল দুৰ্ভিক্ষ কতো অকাল মৰণ। F ভাৰতে জগতে নিতে আছিলে প্ৰচাৰি বীমাতা অসমৰ বীৰত্বৰ বাণী, কবিতাত কৰিছিলে কবিয়ে ঘোষণা অলৌকিক অসমৰ সতীত্ব কাহিনী। লৌহিত্যৰ পাৰ ভাঙি আহিল এনেতে অধমৰ অশান্তিৰ বেগৱতী হল এ ঢল, ৰোধিৱ নোৱাৰি চৌ ঘোৰ প্লাবনৰ ধৰ্ম্মৰ তুলুঙা নাও হল তল্‌ল। সুখৰ সঁফুৰা হল শাওণৰ মেঘ, আগুৰি আহিল যত পাপ অত্যাচাৰ, নাই কতো গুৰিয়াল গুৰি ধৰে কোনে পুণ্যভূমি অসমৰ নাই প্ৰতিকাৰ! [ ১৯ ]