পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰূপ-জ্যোতি— ( 2 ) হে জয়া! জন্মভূমি কিযে ধন ত্যজি পুত্ৰ প্ৰাণপতি জানিছিল৷ তুমি তাক, বুজিছিলা তুমি, স্নেহময়ী জননীৰ পাদ-পদ্ম চুমি! কিযে স্বৰ্গ অতুলন আত্মদান দিলা সতী দধিচীয়ে আত্মদানী দেৱতাক দিলে আনি হেৰাব খোজোতে স্বৰ্গ মুখ দেৱতাৰ, সতীয়ে ত্যজিলে প্ৰাণ শুনি পতি অপমান জন্মদাতা, জন্মগুৰু কাষত পিতাৰ। তুমি জয়া আত্মদানী পতি পদে দিলা সানি অপমৃত্যু সঞ্জীৱনী পূত পৰিমল, জন্মভূমি জননীৰ মচি নয়নৰ নীৰ অৰ্ঘ্য দিলা হৃদয়ৰ ৰঙা গঙ্গাজল। হে দেৱী! যি শক্তিৰ হেম-জোতি পাই তুমি পুণ্যৱতী ভাগ্যগ্ৰস্ত সোৱামীক কৰিছিল৷ ত্ৰাণ, কিতাৰে আজি এটি ৰেণু কিম্বা এটি পৰমাণু যি শিক্ষা সাধনা কৰি সেই শিক্ষা দিয়া ভিক্ষা অসমীয়া বোৱাৰীক কৰা দেবী দান! দেশৰ কাৰণে হ'ল৷ দীনা ভিক্ষাৰিণী, তাতে আজি লক দীক্ষা পূৰ্ণ হক অসমত দেশ-সেৱকিনী। [ 18 ] উচ্চ পদ পৰিহৰি