এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
হিমাদ্ৰীৰ শিখৰত আৰতিৰ বেলা হ’লে মূল-মন্ত্ৰ অৰুণ কিৰণ সনা ধাৰে ধাৰে মুক্তা মালা গাঁথি হিমানীয়ে, মাতৃ-পূজা-মন্দিৰত অধিষ্ঠাত্ৰী ভাৰতীক উপহাৰ দিয়ে। অপৰূপা ৰাধিকাৰ ৰূপৰ লহৰি ভুলি মুৰুলীৰ সুৰ বান্ধি কদম তলৰ, খৰ-স্ৰোতা যমুনাই আজিও যোগান ধৰে জননীৰ স্নান-জল পূত প্ৰভাতৰ। স্ৰোতস্বতী ভাগিৰথী অৰ্ঘা দিয়ে জননীক পূজাৰিণী হই, ভক্তি প্ৰেমে আত্মহাৰা
মাতৃ-পদ ধূলি সনা শান্তিয়নী লই।
আজিওযে পুণ্যৱতী ভাৰতৰ নৰ-নাৰী সেইদিনা অযোধ্যাত আছিল নৃপতি হই ইক্ষাকু বংশৰ ৰাম, উদাৰ মহান, সৰযুৰ পাৰে পাৰে নিকুঞ্জৰ আঁৰে আঁৰে সেইদিনা ভাৰতত ৰথৰ সাৰথি হই প্ৰতিধ্বনি উঠিছিল ৰামায়ণ গান। যদুকুল শিৰোমণি পাণ্ডব সখাই, দেখুৱালে অধৰ্ম্মৰ ক’তো জয় নাই। নৰৰূপী ভগবান কুৰুক্ষেত্ৰ সমন্বত [ ১৪ ]