পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰূপ-জ্যোতি— ( কিন্তু ) আশাৰ আকাশ জোৰা ৰূপালি জেউতি ঢাকিলে কলীয়া মেঘে, আবৰিলে জোন, সমগ্ৰ ভাৰত জয়ী বীৰ মোগলৰ শৰাইঘাটত দেহি ভাগিল সপোন। দেশভক্ত শক্তিমন্ত লাচিত ফুকনে ধৰি ধৰি শতুৰুক কচুকটা দিলে, ধুমুহাৰে উৰি অহা মোগল পতাকা দিখৌৰ বতাহে পাই হোঁহোকাই নিলে। সিদৰেই কতকাল, কতযুগ ধৰি তুচ্ছ কৰি অভিযান শত্ৰু শকতিৰ, থাকিলে হেঁতেন মোৰ জননী অসম স্বাধীন কিৰীটি পিন্ধি অনন্ত জ্যোতিৰ। ( কিন্তু ) জাতিদ্ৰোহী, জ্ঞাতিদ্ৰোহী নৰকী বদনে নিজৰ ঘৰতে বহি নিজে জুই দিলে, ভাই, ভগ্নী, আত্মীয়ক আধাপোৰা কৰি বুকুৰ কলিজা ফান্সি, কেঁচাতেজ পিলে। স্বাধীন অসম দেশ চাৰখাৰ কৰি 'আহোমৰ ৰাজদণ্ড মাজতে ভাঙিলে, জননীৰ কপালৰ সোণৰ কপালী আপুনি আজুৰি আনি পৰক বেচিলে। [ ১২ ]