এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বছৰে বছৰে সেই পুণ্য মন্দিৰত জয়াৰ অভয়া ছবি মূৰ্ত্তিমতী হয়, কঠিন শিলেৰে গঢ়া দেবী-মন্দিৰত এধাৰি চকুৰ পানী আজিওযে বয়। ধৰ্ম্মকৰ্ম্ম মহত্তত আহোম ৰাজত্ব যিদৰে প্ৰসিদ্ধ হল ভাৰতবৰ্ষত, বীৰত্বতো সেইদৰে স্বাধীন অসম আছিল আদৰ্শ হৈ মহীমণ্ডলত। ৰাজ্যলোভী:পৰাক্ৰমী আহোতে পাঠান কৰো বুলি অসমৰ স্বাধীনতা লোপ, স্বভাব কোমলাবালা মূলা মহিলাই ধৰিছিলে সমৰত ৰণচণ্ডী ৰূপ। আজলী বুকুৰ তেজ ৱিজুলী ৱেগত নাচি নাচি পাঠানৰ নাশিছিলে প্ৰাণ, হাঁহি হাঁহি জীৱনৰ ৰঙাজবা পাহি জন্মভূমি জননীক কৰিছিলে দান। মদমত্ত মোগলৰ বিজয়ী পতাকা উৰি উৰি লুইতৰ চাপিছিলে কাষ, ভাবিছিলে মোগলৰ সেনা সেনানীয়ে “কৰিম অসম জয়, হব স্বৰ্গবাস”। [ ১১ ] ৰূপ-জ্যোতি–