পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰূপ-জ্যোতি— পৰ্ববত পাহাৰ ভাঙি, ভাঙি হাবি বন নিৰ্ম্মানিলে দ’লমঠ দেবী দেবতাৰ, পুষ্কৰিণী, ৰঙ ঘৰ, তলাতল ঘৰে আজিও ঘোষিছে কীৰ্ত্তি অসম ৰজাৰ। মন্দিৰৰ শিৰে শিৰে সোণৰ কলচী অৰুণ কিৰণ পৰি আজিও জিলিকে, মামৰে সামৰি ধৰা তামৰ ফলিত কতজনে আজিওযে কত কথা শিকে! ইয়াতে এদিন বহি ৰজা গদাধৰে প্ৰাণৰ পুতলি এৰি বাঘৰ চোঙত! অসমৰ ভাগ্য-ৰেখা কৰিলে গণনা নগাক আপোন কৰি নগাৰ চাঙত! ইয়াতে এদিন সহি নৰক যাতনা সতী, লক্ষ্মী, পতিব্ৰতা জননী জয়াই, পতিত ভকতি ৰাখি দেশৰ কাৰণে জেৰেঙাত জীয়া তেজ দিলে উটুৱাই। অসমৰ গগণত দীপ্ত দিনমণি ৰূদ্ৰসিংহ,স্বৰ্গদেৱে মাতৃৰ নামত, সজালে যি জয়দ’ল খনালে পুখুৰী যুগমীয়া কীৰ্ত্তি ৰাখি জয়সাগৰত, [ ]