পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰয়োদশ শতিকাৰ সোণৰ অসম অপৰূপা সুশোভিতা সুজলা সুফলা মনোৰমা প্ৰকৃতিৰ মাধুৰিমা জৰি লৌহিত্যৰ তীৰে তীৰে কৰিলে ৰচনা যিখনি অলকাপুৰী নিৰুপমা কৰি, যাৰ ৰূপ-জ্যোতি পৰি অজানে নিজানে ঋষি যোগী তপস্বীৰ ভাগিছিলে ধ্যান ে ঢৌৱে খলকনি তুলি আজিও ঘোষিছে যাৰ মহিমাৰ গান, শিৰে শিৰো ভকতিৰ ভাগৱতী ধাৰা বই যায় নিতে যাৰ পাদ-পদ্ম চুমি, সেয়ে স্বৰ্গধাম মোৰ সোণৰ অসম মৰতৰ মহাতীৰ্থ, সেয়ে জন্মভূমি। পুণ্য-ভূমি অসমৰ লাহতি কোলাত অনাদি কালৰ পৰা কত খেলা হ’ল কামাখ্যাৰ কাষে কাষে লুইতৰ সোতে মহিমাৰ পালতা কত তৰী গ'ল! ত্ৰয়োদশ শতিকাত ইয়াতে এদিন, ইন্দ্ৰবংশী চুকাফাই অসীম প্ৰতাপে, শত্ৰু-শক্তি ক্ষয় কৰি আহোম ৰাজত্ব আৰম্ভিলে অসমত আদি ৰজা ৰূপে। [ 9 ],