পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰূপ-জ্যোতি- পৰিছিল এটি জ্যোতি জীয়া ভেজ দেখি দেখি জেৰেঙাত জহি যোৱা মানৱী জয়াৰ, উজলি উজলি সিও মাৰগ'ল নাৱৰীয়া বিজুলী ছাটিৰ দৰে আজলী হিয়াৰ! আজি সেই জননীয়ে কৰুণাময়ীৰ বেশে হেঙু ঙ. লীয়া ঠা লই লৱণু হাতত, শোকত মলঙি থকা সন্তানৰ দুখ দেখি নিজে আহি থিত দিব কলঙ ঘাটত। নাৱৰীয়া! আজি তোৰ দেবী দৰশুন দিন আজি ৰাতি জননীৰ শুভ-আগমন, লুইতৰ আশে পাশে কলঙৰ কাষে কাষে কৰ আজি লখিমীৰ পূজা আয়োজন। [ - ]