পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পূজা আয়োজন নাৱৰীয়া! আজি ৰাতি কলঙৰ কাষে কাষে নাৱৰ টিঙত তোৰ নাৱেৰে আহিৱ মোৰ লখিমী উজাই, শুকুলা পালেৰে নাও ৰাখিবি সজাই। ঘিউ চাকি এটি থৈ শলিতাৰ শিখা দেখি লখিমী চাপিব কাষ “আই” বুলি মাত দিবি মৰমী মাতত, লখিমী জননী মো চেনেহতে ভেলি গই বান্ধিবহি নিজ নাও কলঙ ঘাটত। নাৱৰীয়া। আজি ৰাতি ডুবৰি দলিছা পাতি পাৰৰ বিৰিখে গাব আৱাহনি সুৰ, আকাশে সজাব দীপ বতাহে জ্বলাব ধূপ গীত, গন্ধে পূজা-দেবী হব ভৰপুৰ। লখিমী পৰশ পান্সে কলঙৰ ঘাটে ঘাটে অসমৰ শাপভ্ৰষ্টা অমৰ ৱালাই, বাগ্দেবীৰ বীণা লই নিজম অসমপুৰী কবিতাৰ ঝঙ্কাৰেৰে তুলিব কঁপাই। বিশ্ববিমোহিনী মোৰ লখিমীৰ ৰূপ-ছবি নাই শুনা জননীৰ নাই দেখা নাৱৰীয়া, বহুদিন হ'ল, কত যুগ আহি আহি, কত যুগ গ'ল! [ 9 ] চৰণ কমল ধ্বনি