এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰূপ-জ্যোতি— তুমিনেকি সেই প্ৰিয়া লভি যাৰ পৰশন সৰগ মৰত হল, ৰূপত বলিয়া? বিশ্ব-বিমোহিনী বেশে সুধাৰ সফুৰা মেলি অমৰত্ব দান কৰি মৃত্যু কাঢ়ি নিয়া? যেয়ে হোৱা লাগে তুমি, তুমি মাথো কল্পনাৰ সুন্দৰৰ স্ৰষ্টা তুমি, চা তুমি মাথো সপোনৰ চিৰুসহচৰী; কবিক আকুল কৰা কবিতা কুঁৱৰী। সৃষ্টিৰ ৰহস্য ভেদি বীণাধ্বনি সুনিৰ্ম্মল সৰসৰি সুনীল , জলত শুভ্ৰ শতদল ফুলে শুভ্ৰকান্তি পৰি, প্ৰেমৰ পৰশ পাই পৰাগ পাপৰি হৰ্ষতে পৰে সৰি নিজৰি নিজৰি। অমৰাৰ পুষ্পদ্ধাৰ ধীৰে ধীৰে মেলি নামি আহে দেববালা বীণা বাই বাই, সুনীল সৰসি জল সুবাসিত কৰি শতদলে সাজি পাৰি আসন সজায়। [ 8 ]