পৃষ্ঠা:ৰূপালীম.djvu/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বহুতকে ভ্ৰম ধাৰণা কৰা দেখা পাইছোঁ। সুন্দৰৰ চৰিত্ৰ আদৰ্শ হিচাপে তাত দাঙি ধৰাতকৈ চৰিত্ৰৰ বৈচিত্ৰ্য — এটা চিৰবিপ্লৱী মনৰ দুনিৰ্ব্বাৰ গতিৰ সৈতে সমাজৰ সংঘৰ্ষ আৰু সংঘাত আৰু তাৰ পৰিণতি দেখুৱাবলৈহে প্ৰয়াস পোৱা হৈছিল। মেটাৰলিঙ্ক আৰু মোনভেনাৰ (Monnavana) ছাঁ পৰোঁ কি নপৰোঁকৈ অলপ আহি ৰূপালীম্ নাটত দেখা দিছে যদিও সি অজ্ঞাতভাৱেহে — লিখকৰ মনৰ খোটালীত বহু দিনৰ আগতে সোমাই থকা মোনভেনাই এতিয়াও আছোঁ বুলি সঁহাৰি দিছে মাথোন। ৰূপালীমে অসমীয়া ৰাইজৰ পৰা পাবলগীয়া চেনেহফেৰিৰ পৰা নিশ্চয় বঞ্চিত নহব। ইতি—

ভোলাগুৰি চাহবাগিচা।
জুন, ১৯৩৮ চন
}     ইতি আশীৰ্ব্বাদ ভিখাৰী
শ্ৰীজ্যোতিপ্ৰসাদ আগৰৱালা