মণিমুগ্ধ। ৰূপালীম্ ! ৰূপালীম ! মৰ্ম্মৰ মূৰ্ত্তিৰ আঁৰত আৰু নিশাৰ জীৱলগা ৰূপ লুকাই নথবা। আন্ধাৰ নিশাৰ হিম-চেঁচা সৰোবৰৰ পানীত স্পন্দন আৰু পুলকবিহীন পদুমৰ দৰে নৰবা। আহাঁ ! তোমাৰ ৰূপৰ লহৰ তুলি তোমাৰ সৌন্দৰ্য্যৰ নিজৰাটি তোমাৰ শুৱলা অমৃতোপম কণ্ঠৰ শুৱদিৰে সান-মিহলি কৰি মোৰ ওপৰেদি বোৱাই দি মোক ৰূপৰ ধলেৰে ঢৌৱাই নিয়া। আহাঁ— ৰূপালীম্ !
[ৰূপালীম্ মণিমুগ্ধৰ ফালে লাহে লাহে আগবাঢ়ি আহে। কিন্তু যন্ত্ৰৰ দৰে বাহ্যিক জ্ঞানশূন্য হৈ আগবাঢ়ি অহাৰ লগে লগে শেঁতা হৈ যাবলৈ ধৰে। এটা ত্ৰাসত ৰূপালীমৰ মুখ বিকৃত হৈ যায়।]
মণিমুগ্ধ। ৰূপালীম্ !
ৰূপালীমে মাতিব নোৱাৰে, ওঠখন মাথোন কঁপে। মণিমুগ্ধই ৰ লাগি চাই লাহে লাহে উঠি ৰূপালীমৰ ওচৰলৈ যায় আৰু লাহে লাহে ধৰি বহি ৰূপালীমক তীব্ৰভাৱে চায়। ৰূপালীমে সেইদৰে চাই থাকে। এতিয়া ৰূপালীম্ একেবাৰে বিবৰ্ণা—থৰ্ থৰ্ কৰে কঁপিবলৈ ধৰে। ৰূপালীমৰ চকুযোৰ একেবাৰে মৰা মানুহৰ দৰে থৰ হয়। ৰূপালীম্ পৰি যাব ধৰে। মণিমুগ্ধই থাপ মাৰি ৰাখে। মণিমুগ্ধই শয্যাত বহুৱাই দি সতৃষ্ণ নয়নৰে ৰূপালীমলৈ চাই মুগ্ধ হৈ থাকে। এবাৰ হাতখন আগবঢ়াই বুকুৰ কাপোৰখন উদঙাবলৈ আঙুলিৰে কাপোৰখন চুই হাত কোচাই আনে। তাৰ পিছত বহুত পৰ থৰ হৈ চাই পাছ হুহকি তাৰপৰা আহি আসনত বহি থুতৰিত হাত দি ভাবিবলৈ ধৰে। এনেতে হঠাৎ জ্বলি থকা প্ৰদীপটো বতাহৰ ছাটিত নুমাই যায়। কেৱল আনটো খোটালিৰপৰা অহা কোমল পোহৰে কোঠাটো আন্ধাৰ-পোহৰুৱা কৰি থয়। মণিমুগ্ধ স্তব্ধ হৈ বহি থাকে। কিছুপৰৰ পিছত এজনী লিগিৰী আহি থিয় হয়।
মণিমুগ্ধ। ৰাতি কিমান পৰ ?
লিগিৰী। শেষ হ’ল, পোহৰ হ’ল।