পৃষ্ঠা:ৰূপালীম.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষষ্ঠ অঙ্ক
মণিমুগ্ধৰ প্ৰাসাদৰ এটা সুসজ্জিত কোঠা
সময়—নিশা

  কক্ষটো দীঘল—বহুদূৰলৈকে গৈছে। তাৰ সিফালে গোটেই দেৱাল ঘূৰি এখন বিৰাট গবাক্ষ। সেইফালেদি বহু-দূৰলৈকে বিস্তৃত সুন্দৰ ফুলনি দেখা গৈছে। ৰাতি কক্ষটোত গছাই গছাই শ শ প্ৰদীপ জ্বলোৱা হৈছে। মঞ্চৰ সমুখ ভাগত এখন সুন্দৰ পালঙ্ক পতা আছে। মণিমুগ্ধই অতিকৈ শুভ্ৰ শুৱনি সাজ-পাৰ পিন্ধি শয্যাত আৰামকৈ বহি ফটিকা খাব লাগিছে। শয্যাৰ একাষে দহজনীমান ছোৱালীয়ে হাতত বীণা কৰতাল আৰু বাঁহী লৈ ঐক্যতানত বাজনা বজাব লাগিছে। এজনী লিগিৰীয়ে ফটিকা বাকি খুৱাব লাগিছে।

মণিমুগ্ধ। লিগিৰী! ৰেণথিয়াং—

[এজনী লিগিৰী সেৱা জনাই ওলাই যায় আৰু অলপ পৰৰ পিছতে ৰেণথিয়াঙৰ সৈতে সোমাই আহে।]

ৰেণথিয়াং। প্ৰভু!

মণিমুগ্ধ। বন্দীবোৰক প্ৰাণদণ্ডৰ কাৰণে সাজু কৰা হৈছে নে?

ৰেণথিয়াং। হয় প্ৰভু। ঘাতকবোৰ সাজু হব ধৰিছে। মাজনিশা এটা এটাকৈ প্ৰাণদণ্ড পোৱা বন্দীবোৰক হত্যা কৰা হব আৰু তাৰ পিছতে বাকী থকা ৰূকমী গাঁওবোৰ সমূলঞ্চে ধ্বংস কৰি ৰূকমী কাৰেংটোতে জুই দিয়া হব।

মণিমুগ্ধ। বাৰু। আৰু গাঁও-ভুঁই পুৰিব নালাগে। কাৰেঙো একো নকৰিবি। ৰূপালীমক এই আদেশৰ কথা জনোৱা হৈছে নে নাই।