তেন্তে বিষয়াসকল! লাহে লাহে আমি আৰু এই ঠাইৰপৰা গতিহে কৰিব লাগিব।
১ম বিষয়া৷ নকৰিলে নহব। যেনেতেনে প্ৰাণ ৰাখিবই লাগিব।
ৰিমু৷ ৰজা! মোক এৰি দিব লাগে।
ৰজা৷ কিয়?
ৰিমু৷ ৰজা! মোৰ আৰু নিজৰ প্ৰাণ ৰাখি ৰাইজৰ পৰা আঁতৰি থাকিবৰ ইচ্ছা নাই। মোৰ মানুহ, মোৰ দেশৰ যি দুৰ্দ্দশা হৈছে, মই তাৰ ভাগ লওঁগৈ।
ৰজা৷ (গৰ্ভৰ ভিতৰৰপৰা ঢেক্ঢেকাই হাঁহি) হে: হে: হে:! দুৰ্দ্দশাৰেই ইমান ভাগ লবলগীয়া হ’ল তেন্তে আমাৰ এই দশা সুদশা হৈছে জানো? নিধক! তলগুজৰীয়া পাপিষ্ঠ! হো: তোৰ কথা হবলা মই নুবুজোঁ? আমাৰ ডেকা ছোৱালী নাই দেখি আমাৰ দুৰ্দ্দশা দুৰ্দ্দশাই নহয়- সেই দেখি সিহঁতৰ দুৰ্দ্দশাৰ ভাগ লবৰ মন গ’ল!-হে: হে:- অ’ তোক উকা দুৰ্দ্দশা নালাগে, ছোৱালীৰ মিচিকি হাঁহি সনা দুৰ্দ্দশা লাগে।
ৰিমু৷ নহয় ৰজা! দেশ স্বজাতিৰ কথা সকলোৰে ওপৰত।
ৰূকমী ৰজা৷ ওপৰততো, অৱশ্যে ওপৰত। সেই ডাঙৰ কথাৰ ডাঙৰ জাপিটো তৰি লৈ তাৰ ছাঁৰ তলত বহি মদে-ভাতে, হাঁহে-কুকুৰাই, গাভৰুৰে গা পিটিকুৱাই শুই থকাৰ মতলব! হে: হে: হে:! তহঁতৰ বুদ্ধিবোৰৰ চুঙাটোত হবলা মই আঙুলি ভৰাই ঘুলকিব নোৱাৰোঁ বুলি ভাবিছ?
[ৰিমু তাৰপৰা বেজাৰ মনেৰে যায়গৈ]
৩য় বিষয়া৷ জৰুল এই ৰিমু কোনোবা তিৰোতাৰ বুদ্ধিত পৰিছে। সিহঁতে আমাক ৰাজ্যৰপৰা খেদিলে। আজি সাতপুৰুষীয়া সিংহাসনৰপৰা ৰজাক নমোৱালে। তিৰোতাৰ বাজী বুদ্ধিৰে মণিমুগ্ধক জোকাই এই হেন সোণৰ ৰূকমী ৰাজ্য ধ্বংস