ৰজা। অৱশ্যে তেনে কাম কৰিব নোৱাৰি। মণিমুগ্ধই আমাক জীয়াই জীয়াই পুতি থব।
৪ৰ্থ বিষয়া। তেন্তে প্ৰভু! এইদৰে আৰু কিমান দিন অৰণ্যত বাস কৰিব লাগিব? যি এটা মানুহ আহাৰ আৰু ফটিকাৰ কাৰণে পঠোৱা হৈছিল সিও—
ৰজা। ফটিকা—ফটিকা—উস্—এটোপা পালেই প্ৰাণ ৰক্ষা হয়। ক’তা, ৰিমু দেখোন উভতি নাহিল।
১ম বিষয়া। প্ৰভু! ৰিমুলৈ বাট চাই বহি থকাৰ সকাম নাই। তাৰ বহুতো বিপদ হোৱা সম্ভৱ আছে।
ৰজা। আছেতো। আমাৰ ফটিকা বিচাৰি যাওঁতে কোনোবা তিৰোতাই তাক বশ কৰিবও পাৰে।
২য় বিষয়া। প্ৰভু! সি তিৰোতা দেখি ভোল যোৱা বিধৰ মানুহ নহয়।
ৰজা। হে:! সি ভোল নগলে কি হ’ল? তিৰোতাতো তাক দেখি ভোল যাব পাৰে আৰু এবাৰ এজনী তিৰোতাৰ চকুত যদি সি পৰিল—
৪ৰ্থ বিষয়া। হয়, হয়। পৰা মাত্ৰকেই তিৰোতাই যে তাক ডিঙিত গছক মাৰি ধৰিব, ইও ধুৰুপ।
ৰজা। আৰু সি বেটিহঁতৰ কোমল তলুৱা চেলেকিবলৈ পাই আমাৰ টেকেলি কাতি কৰি থৈ তিৰোতাৰ মৰমৰ বাঁতি জ্বলাব। হা: হা: হা:! কিন্তু মই ফটিকা এটোপা নেপালেহে এতিয়া শৰীৰৰ সতে সম্বন্ধ ছিঙিব লাগিব। কি উপায়? উস্! মোৰ মূৰটো ঘূৰাইছে আৰু গাৰ জোৰাবোৰ সোলোকা সোলাকা লাগিছে।
ৰূকমী ৰজা লাহে লাহে কলমটিয়াই কলমটিয়াই ঢলি পৰি যায় আৰু গছৰ গাতে চেপেটা দি লালকাল দি থাকে। বাকী বিষয়া কেইজনেও হামি হুমুনিয়াহ চাৰি হামিয়াই-হেকটিয়াই বহি বাৰে বাৰে ডিঙি মেলি মেলি