মূৰটো নিজৰ কোলাৰ ওপৰত তুলি বৰ উদ্বিগ্ন হৈ মাজে মাজে জোকাৰে। মণিমুগ্ধ সংজ্ঞা উভতি আহে আৰু ইতিভেন বুলি সেহাই মাতে।
ইতিভেন৷ মণিমুগ্ধ! মণিমুগ্ধ। মই আছোঁ তোমাৰ ওচৰতে-
মণিমুগ্ধ৷ ইতিভেন! এঢোক ফটিকা দিয়া।
মণিমুগ্ধ৷ ইতিভেন! বৰ দুখ দিলা। তুমি বৰ নিষ্ঠুৰা—তুমি মোক ভাল নোপোৱা ইতিভেন?
ইতিভেন৷ (হুকহুকাই কান্দিবলৈ ধৰে) মণিমুগ্ধ! বৰ ভাল পাওঁ—বৰ ভাল পাওঁ। তোমাক বৰ ভাল পাওঁ।
মণিমুগ্ধ৷ ময়ো তোমাক বৰ ভাল পাওঁ।
ইতিভেন৷ তেন্তে আৰু তুমি ৰূপালীমকৰ কথা নকবা। তাইক আৰু ইয়ালৈ নানিবা।
মণিমুগ্ধ৷ কিন্তু ৰূপালীমৰ ৰূপ — ৰূপালীম্ সুন্দৰী —
ইতিভেন৷ (মণিমুগ্ধৰ মূৰটো কোলাৰপৰা নমাই থৈ) তুমি — তুমি — তুমি ৰূপালীমক ইয়ালৈ আনিব নোৱাৰা।
মণিমুগ্ধ৷ নহয়—ৰূপালীমৰ সৌন্দৰ্য্য উপভোগ কৰিব নোৱাৰিলে মোৰ জীৱন অসাৰ্থক। তোমাক মই ভাল পাওঁ।
ইতিভেন৷ তোমাকো মই এইবাৰ ৰূপালীমক লগ পোৱাৰ আগতে শেষ কৰিম।
[ইতিভেনে আকৌ সোণৰ শিকলি আগটোৰে মণিমুগ্ধক মাৰিবলৈ উদ্যত হওঁতেই মণিমুগ্ধই থিতাতে উঠি ইতিভেনৰ হাতত থাপ মাৰি ধৰি দুই হাতেৰে ইতিভেনক চোচোৰাই টানি আনে আৰু ইতিভেনে হাত-ভৰি এচাৰিবলৈ ধৰে। মণিমুগ্ধই কোনো মতেহে ধৰি ৰাখে। ]