পৃষ্ঠা:ৰূপালীম.djvu/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
[চতুৰ্থ অঙ্ক
ৰূপালীম্‌

মণিমুগ্ধ। যি অধিকাৰত তুমি মোৰ নগৰ অৱৰোধ কৰিছিলা।

ইতিভেন। ৰূপালীমক কি কৰিলা?

মণিমুগ্ধ। ৰূপালীম্‌ ইয়াৰপৰা পলাই গৈছে। আকৌ ধৰি আনি দিবলৈ কৈছোঁ।

ইতিভেন। কিয়? ৰূপালীমক কি কৰিবা?

মণিমুগ্ধ। মোৰ কুঁৱৰী—

ইতিভেন। (শয্যাত ঠেকেচা খাই বহি) কুঁৱৰী? তোমাৰ কুঁৱৰী!

মণিমুগ্ধ। অৱশ্যে মোৰ।

ইতিভেন। তাইক তোমাৰ কুঁৱৰী কৰিব নোৱাৰা।

মণিমুগ্ধ। কিয়?

ইতিভেন। তাই মান্তি নহয়।

মণিমুগ্ধই খিলখিলাই হাঁহিবলৈ ধৰে আৰু এঢোক ফটিকা খাই আকৌ হাঁহিবলৈ ধৰে। এনেতে ৰূকমী আৰু প্ৰান্তদেশী সৈন্যবোৰৰ মহাসমৰ হয়। বিকট চিঞৰ আৰু কোলাহল হবলৈ ধৰে। ইতিভেন উত্তেজিত হয়।

মণিমুগ্ধ। শুনিছা মোৰ সৈন্যই তোমাৰ ৰূকমী বীৰসকলক কেনেকৈ দংশি নিব লাগিছে? আৰু অলপ সময়। তাৰ পিছত সকলো নিতাল মাৰিব। নিস্তব্ধতা হলে মই মোৰ অন্তৰৰ কথা তোমাক কম ভাঙি-পাতি। তেতিয়া বুজিবা মই তোমাক কিমান ভাল পাওঁ।

ইতিভেন খঙত একো নাই হৈ নিজকে বন্ধা সোণৰ শিকলিডালেৰে মণিমুগ্ধক অতৰ্কিতে বৰ টানকৈ কোব মাৰে। সেই কোব মণিমুগ্ধৰ মূৰত লাগি হো-হোকৈ তেজ ববলৈ ধৰে। মণিমুগ্ধ শয্যাত বাগৰি পৰি যায়। লাহে লাহে মূৰ্চ্ছা যোৱা যেন হয়। ইতিভেনে থৰ লাগি চকু টেলেকা কৰি চাই থাকে। তাৰ পিছত মণিমুগ্ধক মূৰ্চ্ছা যোৱা যেন দেখি বিহ্বল হৈ মণিমুগ্ধৰ বাউসীত ধৰি জোকাৰি লৰালৰিকৈ পানী আনি মূৰত চকুত দিবলৈ ধৰে। বৰ উত্ৰাৱল আৰু বিচেষ্ট হৈ পৰে। তাৰ পিছত মণিমুগ্ধৰ