ইতিভেন। এতিয়া আৰু প্ৰণয়ৰ আখৰা কৰা প্ৰয়োজন নেদেখোঁ। মোৰ বন্দীশাললৈ যাবলৈ প্ৰস্তুত হোৱা।
মণিমুগ্ধ। সেই স্বৰ্গলৈ যাবলৈ মোৰ বাসনা সদায়।
ইতিভেন। ব্যঙ্গ নকৰিবা।
এনেতে ৰেণথিয়াং মুক্ত অস্ত্ৰেৰে জাপ মাৰি সোমাই আহি ইতিভেনক থাপ মাৰি ধৰি পেলায় আৰু ৰেণথিয়াঙৰ পাছত বহুত সৈন্য সোমাই বাকীবোৰৰ সতে যুঁজিবলৈ ধৰে। ইতিভেনৰ দলত সকলোবোৰ ঘাটি দুৱাৰেদি পাছ হুহকি ওলাই যায় আৰু ৰেণথিয়াঙৰ সৈন্যই সিহঁতক হেঁচুকি লৈ যায়গৈ। কোঠালিটোত থাকিল কেৱল মণিমুগ্ধ আৰু ৰেণথিয়াঙৰ হাতত বন্দী ইতিভেন। ৰেণথিয়াঙে ইতিভেনৰ গাৰপৰা সকলো অস্ত্ৰ-শস্ত্ৰ খুলি লয় আৰু নিজৰ কাষলতিৰ মোনাৰপৰা এডাল সোণৰ শিকলি উলিয়াই তাৰে এটা হাতত বান্ধি আনটো মূৰ মণিমুগ্ধৰ হাতত দি ৰেণথিয়াং দুৱাৰমুখলৈ যায়।
ৰেণথিয়াং। প্ৰভু। দাসৰ দোষ ক্ষমা কৰিব। বন্ধু ভাবেৰে আপোনাৰ ভাবী পত্নী বুলি নগৰৰ দুৱৰীয়ে বাট এৰি দিলে— সসম্ভ্ৰমে। কিন্তু এওঁলোকে আমাৰ ৰাজ্য আক্ৰমণৰ উদ্দেশ্যেহে আহিছে।
মণিমুগ্ধ। সেইটো মই ভালকৈ বুজিছোঁ। কিন্তু মোৰ বিনা আদেশত নগৰৰ দুৱাৰ কিয় মুকলি কৰি দিছিল?
ৰেণথিয়াং। অতি গুপ্তভাৱে দুৰ্গ কেনেবাকৈ পাৰ হৈ দুৰ্গৰ দুৱাৰ মুকলি কৰিলে।
মণিমুগ্ধ। গুপ্তভাৱে? অপদাৰ্থ! যোৱা দোষীবোৰক উপযুক্ত শাস্তি আৰু আক্ৰমণকাৰী সকলোকে বন্দী আৰু আক্ৰমণকাৰীৰ দেশলৈ গৈ সিহঁতৰ গাঁও-ভূঁই, নগৰ-চহৰ সকলো জুই লগাই দাহ কৰা।
ৰেনথিয়াং। প্ৰভু! তাৰ কাৰণে আপুনি নিশ্চিন্ত হৈ থাকক, আৰু