ৰূপালীম্! তোমাৰ বুকুৰ থলত মোক ঠাই দিয়া। মোক জীৱলৈ এটুপি মৌ দিয়া। পিবলৈ এটুপি মৰম দিয়া। হাঁহিবলৈ, মোক ফুলিবলৈ তোমাৰ কোলাত মৰণ লভিবলৈ একণি জিৰাবলৈকো ঠাই নিদিবানে? ৰূপালীম্! তোমাৰ ওচৰলৈ মোক এখন্তেক যাবলৈ দিয়া ৰূপালীম্!
মণিমুগ্ধ ৰূপালীমৰ ওচৰলৈ যাব খোজে আৰু বৰ নিমাখিত হৈ ৰৈ থাকে। ৰূপালীমৰ মুখৰপৰা ভয় আৰু উদ্বিগ্নতাৰ ভাব পাতলি নাইকীয়া হয়। ৰূপালীম্ৰ মুখ গহীন হৈ পৰে।
ৰূপালীম্। ( চকুকেইটা খিড়িকীৰ ফালে ৰাখি ) মণিমুগ্ধ কোঁৱৰ! তুমি মোক ইয়াত অকলে থাকিবলৈ দিয়া মণিমুগ্ধ কোঁৱৰ! মায়াব’ই মোৰ জীৱন জুৰি আছে। মণিমুগ্ধ! মোক মায়াব’ৰ ওচৰত থৈ আহাঁগৈ।
মণিমুগ্ধ। ( ভ্ৰু-সঙ্কুচিত কৰি ) ৰূপালীম্! মায়াব’ক তুমি ভাল পোৱা?
ৰূপালীম্। (একে উশাহতে) পাওঁ।
মণিমুগ্ধ। কিমান?
ৰূপালীম্। মই কব নোৱাৰোঁ। খুব ভাল পাওঁ। গছত যিমান ফুল আছে, ডালত যিমান পাত আছে, নৈত যিমান পানী আছে, শূইনত যিমান বতাহ আছে, নিশাৰ আকাশত যিমান তৰা আছে— তিমান।
মণিমুগ্ধ। (হঠাৎ উঠি) ৰূপালীম্।