পৃষ্ঠা:ৰূপালীম.djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ অঙ্ক]
৩৫
ৰূপালীম্‌

  ৰূপালীমে একো নামাতে। মণিমুগ্ধ লাহেকৈ গৈ ৰূপালীম্‌ বহা শয্যাত বহি ৰূপালীমৰ গাত হাত দিব খোজোঁতেই ৰূপালীমে তাৰপৰা একেছাটেই উঠি গৈ কোঠাৰ এচুকত থিয় হৈ ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰে।

ৰূপালীম্‌। (কান্দি) মোক—মোক মায়াব’ ওচৰত থৈ আহাঁগৈ— মোৰ বুঢ়া বোপাইৰ ওচৰত।

মণিমুগ্ধ। ৰূপালীম্‌। তুমি ইমান অকৰুণ নহবা।

ৰূপালীম্‌। কোঁৱৰ! মই ইয়াত থাকিব নোৱাৰোঁ। মই ইয়াত নেথাকোঁ—মই নেথাকোঁ।

মণিমুগ্ধ। বাৰু নেলাগে থাকিব। মই তোমাক ইয়াৰপৰা লৈ যাম— সৌ দূৰণিলৈ। সৌৱা নীলা আকাশৰপৰা নিজৰি তৰাৰ হীৰাফুলীয়া পোহৰবোৰ আহিছে—জোনৰ জোনাকে য’ত জোনোৱালী সপোনৰ ৰাজ্য পাতিছে—তালৈ আমি দুয়ো ওলাই যাওঁ ব’লা। তুমি মোৰ কোলাত বহি তোমাৰ বুকুৰ মৰমৰ কথা ক’বাঁ। মই কাণ পাতি শুনিম মিলনপিয়াসী বুকুৰ কম্পন ৰূপালীম্‌।

  ৰূপালীম্‌ এটা অব্যক্ত বেদনাৰ হেঁচা সহিব নোৱাৰি ৰুদ্ধশ্বাস হৈ কান্দিবলৈ ব্যৰ্থ প্ৰয়াস কৰি ভাগৰি পৰে আৰু অলপ আঁতৰি যায়।

মণিমুগ্ধ। ভয় কৰিছা? আকৌ আঁতৰিছা। তোমাক হৰণ কৰা কঠোৰতা দেখি মোক শুঙাল বিছা বুলি ভয় খাইছা? নেযাবা। সেই বিছাৰপৰা আজি পখিলা উপজিল। সেই বিছা আৰু তোমাৰ ওচৰলৈ অহা নাই—সি ধ্বংস পালে। তাৰপৰা সুষমা প্ৰণয়ৰ ফুটুকী-পখিলাহে আহিছে ৰেণু আলসুৱা গাটি লৈ— মৌ বিচাৰি ফুলৰ ওচৰলৈ। ৰূপালীম্‌! এই পখিলাৰ জনম মৌ পিবলৈ— ফুলৰ বুকত সোমাই ফুলৰ পাহিতে পৰি জহি যাবলৈ। ফুলো ফুলিছে পখিলালৈ। মৌও সাঁচিছে পখিলালৈ। পখিলাক মৌ পিয়াবলৈকে ফুলৰ