পৃষ্ঠা:ৰূপালীম.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় অঙ্ক]
৩১
ৰূপালীম্‌

সাজু হোৱা! সকলোৱে এবাৰ সতীত্বৰ, বীৰত্বৰ, শৌৰ্য্যৰ কাহিনী মনত পেলোৱা। ডেকা-গাভৰু, ধনী-দুখীয়া, সকলো ওলোৱা। এই জাতিৰ সৰ্ব্বদলী মনোবলেৰে আৰু সাহৰ প্ৰচণ্ড আঘাতেৰে, মৰণ-বিজয়ী অভিযানেৰে মণিমুগ্ধৰ শিলৰ দুৰ্গ ভাঙি চূৰমাৰ কৰা। এবাৰ জ্বলি উঠা! এবাৰ জ্বলি উঠা!

সকলোৱে। জয় ৰূকমীৰ জয়! জয় ৰূকমী ৰাজকুঁৱৰীৰ জয়!

ঐক্যতান