ৰজা। বিচাৰ কৰোঁ নকৰোঁ—সেইটো মোৰ কথা। মই ৰজা। তই আকৌ এইবোৰত হাত দিবলৈ আহিছ কিয়? তোৰ কাম— অন্তেষপুৰৰ কাম চোৱা।
ইতিভেন। সেইবোৰ মোৰ কাম বুলি মই জানো। কিন্তু তোমাৰ কৰ্ত্তব্য যেতিয়া তুমি পাহৰিবা, তাক মই সোঁৱৰাই দিবলৈ আহিবই লাগিব।
ৰজা। বাৰু তেন্তে ভাল কথা। এতিয়া মোৰ মনত পৰিল। তই ভিতৰলৈ যা।
ইতিভেন। তুমি আগতে বুঢ়াৰ বিষয়ে মীমাংসা কৰা, তেহে মই যাম।
ৰজা। ( খঙেৰে ) ইতিভেন! কথা শুন—মই বিচাৰ কৰি খতম কৰি থৈছোঁ! মণিমুগ্ধৰ বিৰুদ্ধে আমাৰ একো কৰিবলৈ নাই। বুঢ়া গৈ ঘৰৰ জুইশালত জুই ফুৱাই ফটিকা খাই থাককগৈ।
ইতিভেন। অ’, এয়া তোমাৰ বিচাৰৰ ৰায় হ’ল! ই ৰজাৰ বিচাৰ হোৱা নাই। ৰূকমী জাতিৰ ৰজাৰ আচৰণ হোৱা নাই। মদপী, তিৰোতাসেৱী কাপুৰুষৰহে উপযুক্ত আচৰণ হৈছে।
ৰজা। ( খঙতে গৰ্জি উঠি ) ইতিভেন! ইতিভেন! তই মোৰ ভনী হৈ মোক এনে কথা কৱ? মোৰ আদেশ, এতিয়াই ভিতৰ সোমা। চন্তৰী! এই বুঢ়াক এতিয়াই ইয়াৰপৰা গুৰিয়াই গুৰিয়াই খেদি দে।
ইতিভেন। সাৱধান চন্তৰী! বুঢ়াৰ গাত কোনেও আঙুলি নলগাবি। তুমিও ৰজাৰ কাৰণে অনুপযুক্ত।
ৰজা। মই ৰজাৰ কাৰণে অনুপযুক্ত! তেন্তে উপযুক্ত কোন? তই? ইতিভেন! তই বিদ্ৰোহ কৰিছ।
ইতিভেন। অৱশ্যে বিদ্ৰোহ।