পৃষ্ঠা:ৰূপালীম.djvu/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
[দ্বিতীয় অঙ্ক
ৰূপালীম্‌

ধৰম নাই—বিচাৰ নাই—ৰজা নাই—ঈশ্বৰ নাই—অৰাজক—অৰাজক—( হাওঁহাওঁকৈ কান্দি ) ৰূপালীম্‌—কলৈ গলি? কোনে নিলে তোক? ৰূপালীম্‌! ৰূপালীম্‌—

  জুনাফা অলিয়া-বলিয়া হৈ “ৰূপালীম্‌, ৰূপালীম্‌” বুলি চিঞৰি ওলাই যায়—মায়াব’ই উঠিবলৈ চেষ্টা কৰি পৰি যায়। বাহিৰৰপৰা জুনাফাৰ “ৰূপালীম্‌” বোলা চিঞৰ কাণত পৰেহি। জুনাফাৰ চিঞৰৰ লগে লগে মায়াব’ই দুগুণে অস্থিৰ আৰু অধৈৰ্য হৈ ছাটিফুটি কৰিবলৈ ধৰে।

জুনাফা। (বাহিৰত) ৰূপালীম্‌! ৰূপালীম্‌—কোনে ফালে? কোনফালে? কলৈ গলি অ’ ৰূপালীম্‌? অ’ মোৰ ৰূপালীম্‌!

ৰূপালীম্‌!
                ৰূপালীম্‌!
                        ৰূপালীম্‌!
                                ৰূপালীম্‌!

ঐক্যতান