ৰূদ্ৰ ৰূপ ধৰি মই কৰহোঁ সংহাৰ।
সকল জগত মানে স্ৰজন আমাৰ॥
মহামায়াঁ প্ৰকৃতিয়ো স্ৰজিলা দেখিলা।
যাৰ যেন কাৰ্য্য ভাৱে ভাৱে নিয়োজিলা॥
প্ৰথমতে শ্লোকক বামবাক দিলা।
মহা মুখ্য বিভূতিক তথাতে স্থাপিলা॥
দশদিগপালৰ পাতিলা অধিকাৰ।
নিয়মে বিভাগী দিলা কৰিযা বিচাৰ॥
উনপঞ্চাশত বাযু বাঢ়য আদিত্য।
অগনি বৰুণ আৰো গ্ৰহগণ যত॥
অষ্ট বসু মোৰ গণ প্ৰজাপতি যত।
মনু পুত্ৰ আদি কৰি দিলন্ত সমস্ত॥
যাৰ যেন মতি ক্ৰমে লোকক পালিলা।
এহি মতে সৃষ্টি ব্ৰহ্মা উৎপন্ন কৰিলা॥
এহি মতে স্ৰজন পালন পশুপতি।
সমস্তক জীবিকা দিলন্ত যেন নিতী॥
পাছে পৃথিৱীত মনুষ্যক স্থান দিলা।
দেৱতাৰ পূজা যত মনুষ্যে কৰিলা॥
মনু আদি দেৱগণে বেদ বিহিলন্ত।
পাপ, পুণ্য, ধৰ্ম্মাধৰ্ম্ম নিবন্ধি থৈলন্ত॥
এহি সবে ভৈলে যেৱে দিগপাল চয়।
পাতিলা ধৰ্ম্মৰ ৰাজা দেৱ কৃপাময়॥
সাত পাতালৰ তল কুক্ষা ভাগ কৰি।
সাজিয়া দিলন্ত পাছে যমৰ নগৰী॥
সঞ্জমনি নামত নগৰ মনোহৰ।
মহা ৰম্য স্থান জানা সমস্তে দুৰ্ঘোৰ॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩
ৰূদ্ৰ যামল ৷