পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
ৰূদ্ৰ যামল ৷

কৈৰ আসিআছা তুমি ইটো হস্তী স্কন্ধে।
মাথে শ্বেত চামৰ ধৰিয়া নানা বন্ধে॥
বাৰানাসী চেৰাই ধৰ্ম্ম লক্ষ নামে পুৰ।
ইঠাই পশিলা আসি কোঠেৰ ঠাকুৰ॥
জায়নতো লণ্ড ভণ্ড কৰি মন্তিগণ।
তাবদে পশিয়া পেলাই আপোন তৰন॥
হেন শুনি তাৰ পাছে যত বীৰচয়।
বলিৰ সন্মুখ হৈয়া সমৰ কৰয়॥
কাম বান হানিলেক নানান প্ৰকাৰে।
ক্ৰোধে হানিলন্ত বান ক্ৰোধে বাৰাম্বাৰে॥
দন্তে মোহ লোভে সব হানিলা জণ্টাই৷
মহন্ত বলিৰ তাত গনগণ নাই॥
হিংসা অহঙ্কাৰ ৰাগ দ্বেষ শঠবৰ।
সহিবেক আন যত বান নিৰন্তৰ॥
আকাশ ঢাকিয়া ছত্ৰ চামৰক ঢাকি।
মিছাতব আদি বান হানিবে প্ৰজাতি॥
অসত্য অদায়া আৰ আজৰ আলয়।
অল্প না কুবৰ্ত্তি আশা মোহ নাগ পাশ॥
অশুয়া অকৰ্ম্ম আশাক কথা জম্পনা।
হাস পৰিহাসে চিন্তা নিদ্ৰাচয় মান॥
এহি মতে আছে যত নানা অস্ত্ৰচয়।
বৈষ্ণৱ বলিক কলি সমে প্ৰহাৰয়॥
পৰম বৈষ্ণৱ বিৰোচনৰ তনয়।
তাঙ্ক কি ভেদিবে পাৰে সিটো শৰচয়॥
ৰাম নাম অভেদ্য কবচ প্ৰভাৱত।
হৰি পদ সেবা খাণ্ডা ধৰিয়া কৰত॥